Thursday 28 July 2022

"গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ"

শিক্ষা হৈছে এক বিশাল আৰু পবিত্ৰ ক্ষেত্ৰ। ইয়াক সুস্থভাবে চলোৱা ইন্ধন চালিত বাহনবিধ হৈছে শিক্ষক । ইন্ধনবিহীন বাহন যেনেকৈ অচল ঠিক শিক্ষকবিহীন শিক্ষাও অসম্ভৱ। সেয়েহে গুৰু আসনৰ মৰ্যদা যুগে যুগে পবিত্ৰতা আৰু মান্যতাৰ সু-উচ্চ আসনত বহুৱাই আহিছে সমগ্ৰ বিশ্বই। শিক্ষক আৰু ৰাস্তা এনে দুটা বস্তু যিয়ে নিজে স্থিৰ থাকি ক্ৰমে সফলতাৰ শীৰ্ষত আৰু গন্তব্যস্থলত লৈ গৈ থিয় কৰায়। এজন ভাল শিক্ষক হ'বলৈ হ'লে প্ৰাথমিক যিখিনি গুণৰ প্ৰয়োজন সেইবোৰ হৈছে বিষয়ৰ ওপৰত পূৰ্ণ ঞ্জান আৰু নিয়মীয়া পাঠক, উদাৰতা, সময়ৰ সঠিক ব্যৱহাৰৰ জ্ঞান, মাৰ্জিত ব্যৱহাৰ, নীতি-নৈতিকতা-আভ্যন্তৰীণ আৰু বাহ্যিক এই দুয়ো ক্ষেত্ৰত, সৎ-স্বভাৱৰ লগতে ইতিবাচক আচৰণৰ উপৰিও পাৰিপাৰ্শ্বিক জ্ঞানৰ অধিকাৰী হোৱাটো একান্তই প্ৰয়োজন।

এজন শিক্ষক হৈছে সমাজৰ দাপোন স্বৰূপ। অভিভাৱকৰ পিছৰ স্থানটোৱেই হৈছে শিক্ষকৰ স্থান। পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে আৰু শিক্ষকে এক আদৰ্শবান নাগৰিক হিচাপে  গঢ় দিয়ে । প্ৰায় সকলো ব্যক্তিয়েই আনুষ্ঠানিক শিক্ষা লাভ কৰে এজন বা একাধিক শিক্ষকৰ পৰা। মানুহ গঢ়া কাৰখানাত একমাত্ৰ কাৰিকৰ হ'ল এজন শিক্ষক, যাৰ ভূমিকা  জীৱনত অতিশয় গুৰুত্বপূৰ্ণ। শিক্ষকে প্ৰদান কৰা শিক্ষা আৰু অনুপ্ৰেৰণাতে  সমাজত একো একোজন শিশু, একো একোজন দায়িত্বশীল মানুহ' হিচাপে পৰিগণিত হয়। যদি শিশুক এটা খালী পাত্ৰ বুলি গণ্য কৰা হয়, শিক্ষক হৈছে সেই পাত্ৰটোৰ মুখা যাৰ কাম হৈছে উপযুক্ত সামগ্ৰীৰে পাত্ৰটো ভৰ্তি কৰা আৰু ইয়াক ধ্বংস কৰা বিষাক্ত বস্তুসমূহৰ পৰা সুৰক্ষিত ৰখা।
                     "গুৰু ব্ৰহ্মা গুৰু বিষ্ণু 
                        গুৰুদেৱ মহেশ্বৰ 
                    গুৰু সাক্ষাৎ পৰমব্ৰহ্ম
                     তস্মৈ শ্ৰী গুৰুৱে নমঃ"

No comments:

দ্বিতীয় সাময়িক মূল্যায়ন শ্রেণী:-দ্বিতীয়, বিষয়:- গণিত

CLICK HERE 👉দ্বিতীয় সাময়িক মূল্যায়ন শ্রেণী:-দ্বিতীয়, বিষয়:- গণিত